কাৱৈমাৰী ব্লকত সংগঠিত হয় এক মাৰপিটৰ ঘটনা


14/05/2022 18:22:46 PM   Moutushi         38







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
নৱগঠিত বজালী জিলাৰ কাৱৈমাৰী ৯ নং ব্লকত শুকুৰবাৰে সংগঠিত হয় এক মাৰপিটৰ ঘটনা। শুকুৰবাৰে বিয়লী প্ৰায় তিনি বজাত সংগঠিত হোৱা এই মাৰপিটৰ ঘটনাত নিহত হয় মিৰজান আলীৰ একমাত্ৰ পুত্ৰ নজৰুল ইছলাম। জানিব পৰা মতে কাৱৈমাৰী ৯ নং ব্লকৰ মিৰজান আলীৰ পৰিয়ালৰ ওপৰত একেখন গাঁৱৰে আজিম উদ্দিনে তেওঁৰ তিনি পুত্ৰ আৰু পৰিয়ালৰ আন সদস্যক লগত লৈ আক্ৰমণ চলায়। কাঠৰ বাটাম, ডেগাৰ আদিৰে আজিম উদ্দিনৰ পৰিয়ালে মিৰজান আলীৰ পৰিয়ালৰ ওপৰত অতৰ্কিতে চলোৱা আক্ৰমণত মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় নজৰুল ইছলাম।

আঘাতপ্ৰাপ্ত নজৰুল ইছলামক ততাতৈয়াকৈ সৰ্থেবাৰীৰ ৩০ খন বিছনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। মিৰজান আলীৰ একমাত্ৰ পুত্ৰ তথা দুই সন্তানৰ পিতৃ নজৰুল ইছলামক আই চি ইউত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। নজৰুল ইছলামৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে আজিম উদ্দিনৰ বাসগৃহত।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        beating place Kawaimari block