14/05/2022 20:26:56 PM Moutushi 56
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
দক্ষিণ শালমাৰা মানকাচৰ জিলাত মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী কালো গাঁৱত বৃহস্পতিবাৰে নিশা মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা এজাক বনৰীয়া হাতী প্ৰৱেশ কৰি খেতি পথাৰত উপদ্ৰৱ চলাই কালো নদীৰ ওপৰত থকা আন্তৰাষ্ট্ৰীয় সীমান্তৰ দলং এখনৰ তলেৰে বাংলাদেশলৈ প্ৰৱেশ কৰে।
প্ৰায় ৩০ জনীয়া হাতীৰ জাকটো নিশাৰ ভাগত বাংলাদেশৰ খেতি পথাৰ তহিলং কৰাৰ লগতে এজন লোকৰ ঘৰ দুৱাৰ ভাঙি নষ্ট কৰে। হাতীৰ জাকটো পুৱাৰ ভাগত পুনৰ কালো নদীৰ দলং খনৰ তলেৰে ভাৰতলৈ প্ৰৱেশ কৰি মানকাচৰ হৈ মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰো পাহাৰত আশ্ৰয় লয়।
খাদ্যৰ সন্ধানত হাতীৰ জাকটো এইদৰে গাৰো পাহাৰৰ পৰা জনাঞ্চললৈ নামি অহাত মানকাচৰৰ সাধাৰন ৰাইজৰ মাজত নিশা হাহাকাৰ জনক পৰিবেশৰ সৃষ্টি হৈছিল। নিশা গাঁৱবাসীয়ে বিভিন্ন প্ৰকাৰে হাতীৰ জাকটোক খেদা মৰাত বাংলাদেশলৈ গতি কৰিছিল।