14/05/2022 20:44:30 PM Moutushi 35
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
জুনত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা পৌৰসভা আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি সমৰ্থক ভোটাৰৰ বৃহৎ এটা অংশ বিৰোধী দলৰ প্ৰাৰ্থীলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত পাৰ্বত্য ভূমিত যাতে ইয়াৰ প্ৰভাৱ নপৰে তাৰবাবে শাসক দল বিজেপি ইতিমধ্যে সক্ৰিয় হৈ উঠিছে।
বিশেষকৈ বিজেপিৰ মূল আত্মাস্বৰূপ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় পৰ্যায়ৰ এক প্ৰশিক্ষণ কাৰ্যসূচী পশ্চিম কাৰ্বি আংলঙত যোৱা ৯ তাৰিখৰ পৰা আৰম্ভ হৈছে।