ৰেংমা সীমান্ত হাইস্কুল প্ৰাংগণত ২০২২ বৰ্ষৰ গুণোৎসৱ


14/05/2022 21:08:09 PM   Moutushi         57







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
গোলাঘাট দক্ষিণ শিক্ষা খণ্ডৰ অধীনস্থ ৰেংমা সীমান্ত ক্লাষ্টাৰ আৰু চিলনীজান ক্লাষ্টাৰৰ অন্তৰ্গত বিদ্যালয় সমূহৰ শিক্ষকসকলৰ মাজত শুকুৰবাৰে ৰেংমা সীমান্ত হাইস্কুল প্ৰাংগণত ২০২২ বৰ্ষৰ গুণোৎসৱ সন্দভৰ্ত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷

এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ দিয়ে হালধিবাৰী , ৰেংমা সীমান্ত আৰু চিলনীজান ক্লাষ্টাৰৰ চি আৰ চি ক্ৰমে বীৰেন গগৈ, সৌৰভ শইকীয়া আৰু বিমান উৰাঙে ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত অৰ্ধশতাধিক শিক্ষক শিক্ষয়িত্ৰী তথা নডেল শিক্ষকে অংশ গ্ৰহণ কৰে

৷উল্লেখযোগ্য যে আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত ধনশিৰি মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি নাং দিনচেংফা বৰুৱা উপস্থিত থাকি শিক্ষা উত্তৰণৰ দিশত শিক্ষক শিক্ষয়িত্ৰী ভূমিকা সন্দৰ্ভত বক্তব্য ৰাখে ৷ আগন্তুক গুণোৎসৱ নিয়াৰিকৈ সমাপন কৰিবৰ বাবে শিক্ষক শিক্ষয়িত্ৰী সকলৰ প্ৰতি মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায় ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Gunatosav Renma Seema High School Premises