14/05/2022 21:55:34 PM Moutushi 56
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
গুনোৎসৱ উপলক্ষে শুকুৰবাৰে বটদ্ৰৱাৰ বিদ্যালয়ে বিদ্যালয়ে দেখিবলৈ পোৱা গ’ল বিধায়িকা শিৱামনি বৰাক অন্য ৰূপত।
এইবাৰ শিৱামনি বৰাক দেখিবলৈ পোৱা গ’ল শিক্ষয়ত্রী আৰু ৰান্ধনি ৰূপত। ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন বিলোৱাৰ লগতে একেলগে ছাত্ৰ ছাত্ৰীৰ লগত বহি গ্ৰহণ কৰিলে মধ্যাহ্ন ভোজন।
নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখিবলৈ পোৱা গ’ল বিধায়িকা গৰাকীয়ে ছাত্ৰ ছাত্ৰীক ভোজন বিলোৱাৰ লগতে একেলগে বহি আহাৰ গ্ৰহণ কৰে। গুনোৎসৱ উপলক্ষে বিধায়িকা গৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ লগত একেলগে মধ্যাহ্ন ভোজন গ্ৰহণ কৰি আবেগিক হৈ পৰিল।