লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা বিদ্ধস্ত পথ


14/05/2022 21:57:47 PM   Moutushi         34







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা বিদ্ধস্ত পথ । ৰঙতি শংকৰ মন্দিৰ তিনিআলিৰ পৰা বালিপথাৰ হৈ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী দোৰপাং সংযোগী ৬ কিলোমিটাৰ দৈৰ্ঘৰ লোক নিৰ্মাণ বিভাগৰ পথটো বিগত বছৰ বছৰ ধৰি বিদ্ধস্ত হৈ থকাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে ।

বাৰিষাটো বাদেই খৰালিৰ এজাক বৰষুণতে ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানী জমা হয় পথটিত । ফলত বেমাৰী,প্ৰসূতি, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে সকলোৱে যাতায়তৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে । চৰকাৰ আহে আৰু যায় কিন্তু কোনো এখন চৰকাৰৰ সুদৃষ্টি নপৰে এই গুৰুত্বপূৰ্ণ পথটোলৈ ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        paved road Narayanpur Lakhimpur district