23/05/2022 14:18:09 PM Moutushi 75
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বৰ সবাহ । পৰম্পৰাগত ভাৱে প্ৰতি বছৰে জেঠ মাহত অনুষ্ঠিত হোৱা এই বৰ সবাহক কেন্দ্ৰ কৰি অঞ্চলটোত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছে। বান পৰিস্থিতিৰ মাজতো সত্ৰৰ প্ৰতিষ্ঠাপক গোবিন্দ আতাৰ বংশ পৰিয়াল সকল অৰ্থাৎ সত্ৰৰ ‘সমূহ’ৰ সদস্যসকলৰ উপৰিও অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে স্বতঃস্ফূৰ্ত ভাৱে অংশ গ্ৰহণ কৰে।
সবাহ উপলক্ষে সত্ৰত শৰাই নৈবৈদ্য আগবঢ়াই অপায় অমংগল, মাৰিমৰক আদিৰ পৰা যাতে ৰাইজ ৰক্ষা পৰে তাৰ বাবে ৰঘুনাথৰ ওচৰত নিজকে সমৰ্পন কৰি বৰ সবাহত অংশ গ্ৰহণ কৰা এক ঐতিহাসিক পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে।