23/05/2022 14:20:01 PM Moutushi 44
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বটদ্ৰৱাত উপস্থিত কংগ্ৰেছৰ ৭ জনীয়া বিশেষ কমিটী।
বটদ্ৰৱা থানাৰ লংকা কাণ্ড সন্দৰ্ভত চৰ্জমিন তদন্তৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে গঠন কৰিছিল কমিটী।
সকলো পক্ষকে লগ কৰিব কংগ্ৰেছৰ এই কমিটীয়ে।
‘যিমান অপৰাধী নহওঁক, পুলিচ জিম্মাত মৰাটো সহজ কথা নহয়’।
এই ঘটনা গ্ৰহনযোগ্য নহয়।
আইনে যি ৰায় দিব আমি গ্ৰহণ কৰিম।
এই মন্তব্য কৰিলে কমিটীৰ সভাপতি ৰাণা গোস্বামীয়ে।
ইয়াৰ উপৰিও তেওঁ কয়, পুলিচৰ জিম্মাত মৰা এইয়াই শেষ ঘটনা হওক।
যি কোনো চৰকাৰী সা-সম্পত্তি অনিষ্ট কৰাটো বেয়া উচিত নহয়।
চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশক তদন্তৰ দ্বায়িত্ব দিয়ক।
আৰক্ষীয়ে জেহাদী ধৰিছে, কিন্তু চোৰাংচোৱা ক’ত গ’ল? প্ৰশ্ন ৰাণা গোস্বামীৰ।