অৱশেষত দিল্লীলৈ নামি আহিল বৰষুণ


23/05/2022 14:22:06 PM   Moutushi         37







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অৱশেষত দিল্লীলৈ নামি আহিল বৰষুণ। যিসময়ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত অতিপাত বৃষ্টিপাত হোৱাৰ ফলত বানপানী আৰু ভূমিস্খলনে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে সেই সময়তে উত্তৰ ভাৰতত বিশেষকৈ দিল্লীত ৰ’দৰ তাপত মানুহ বাহিৰলৈ ওলাব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে। যোৱা দিন কেইটাত প্ৰচণ্ড উষ্ণতাত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰা দিল্লীলৈ সোমবাৰে আহিল প্ৰশান্তিৰ এজাক বৰষুণ।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী সোমবাৰৰ বতৰ মনোৰম হৈ পৰিছে। ৰাতিপুৱা দিল্লীৰ বহু ঠাইত বৰষুণ হৈছে। যাৰ ফলত প্ৰচণ্ড গৰমৰ পৰা মানুহে বহু সকাহ পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে দিল্লীত তীব্ৰ বতাহৰ লগে লগে বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Rain finally descends Delhi