23/05/2022 14:24:07 PM Moutushi 409
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অব্যাহত আছে আলফা (স্বাধীন) লৈ যুৱক যুৱতীৰ সোঁত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা (স্বাধীন ) শক্তিশালী কৰাৰ স্বাৰ্থতে আলফাই আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান ৷ আলফাৰ এই সদস্য ভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতেই চৰাইদেউৰ সাপেখাতীত আৰক্ষীয়ে আটক কৰিলে ৭ জন যুৱকক।
আসাম ৰাইফলছ আৰু সাপেখাতী আৰক্ষীয়ে নিশা চলা এক যুটীয়া অভিযানত আটক কৰা হৈছে আটাইকে ৷ সাপেখাতী টাইৰাই গাঁৱৰ অশ্বিনী কুমাৰ বৰুৱা (২১) , বাকচু গাওঁৰ দুই ভাতৃ ক্ৰমে আচিচ দাস (১৯) আৰু দেব দাস (১৭) আৰু একে গাওঁৰে যতীন দাস (১৮) , ৩ নং হাওঁফাওঁ গাঁৱৰ নৰ থাপা (৪৮) আৰু একে গাঁৱৰে গনেশ ছেত্ৰী (২২), ৰহন গোঁহাই গাঁৱৰ পৰা জান বৰগোহাঁই( ৩৫) কে ধৰি সাতজনক আটক কৰা হৈছে। আটকাধীন আটাইকেইজনে আলফালৈ যোৱাৰ যো-যা চলাই আছিল।