বি চি চিৰ ঘোষণা


23/05/2022 15:16:44 PM   Moutushi         1102







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বি চি চি আইয়ে দেওবাৰে ঘোষণা কৰিলে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হবলগীয়া টি-২০ শৃংখলা আৰু ইংলেণ্ডৰ লগত অনুষ্ঠিত হবলগীয়া একমাত্ৰ টেষ্টখনৰ বাবে ভাৰতীয় দল। ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাখনত মুঠ ৫ খন মেচ অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে একমাত্ৰ টেষ্টখন ভাৰতে ইংলেণ্ডৰ মাটিত খেলিব।

টি-২০ শৃংখলাৰ বাবে বি চি চি আইয়ে কে এল ৰাহুলক অধিনায়কৰ দায়িত্ব দিয়াৰ লগতে ঋষভ পণ্টক দলটোৰ উপ-অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰখা দীনেশ কাৰ্তিকক পুনৰ দললৈ ঘূৰাই অনা হৈছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰিছে দীনেশ কাৰ্তিকে ।

আনহাতে বহু কেইজন জ্যেষ্ঠ খেলুৱৈক এই টি-২০ শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হৈছে । এই শৃংখলাৰ পৰা বাদ পৰা তাৰকা ক্ৰিকেটাৰৰ ভিতৰত আছে বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহ । একেদৰে ভাৰতীয় দললৈ আমন্ত্ৰণ জনোৱা হৈছে তৰুণ ক্ৰিকেটাৰ উমৰান মালিকক । আই পি এলৰ পিছতেই ৯ জুনৰ পৰা ১৯ জুনলৈ ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ এই টি-২০ দ্বিপাক্ষিক শৃংখলা ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        BCCI announced Sunday Indian team squad South Africa T20 series Test played England