১ জুনৰ পৰা প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১১০০ টকা পৰ্যন্ত হ’ব


31/05/2022 14:28:06 PM   Moutushi         29







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মাত্ৰ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ইন্ধনজাতীয় সামগ্ৰীৰ ওপৰত থকা আৱকাৰী কৰ হ্ৰাস কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি প্ৰতি লিটাৰ পেট্ৰ’লত ৯ টকাৰো অধিক এবাৰতেই হ্ৰাস পাইছিল।

একেসময়তে ঘোষণা কৰা হৈছিল ঘৰুৱা চিলিণ্ডাৰটো ২০০ টকা পৰ্যন্ত হ্ৰাস পাব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সেই ঘোষণা বাস্তৱায়িত হোৱাৰ বিপৰীতে এতিয়া পুনৰ মূল্যবৃদ্ধিৰ বুজা বহন কৰিবলগীয়া হোৱাৰ বাট মুকলি হৈছে।

জুনৰ প্ৰথমটো দিনৰ পৰাই দেশজুৰি পুনৰ ৰন্ধনগেছৰ মূল্য বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। সম্ভাৱনা অনুসৰি ১ জুনৰ পৰা প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১১০০ টকা পৰ্যন্ত হ’ব। বৰ্তমান দিল্লীত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১,০০৩ টকা হোৱাৰ বিপৰীতে মুম্বাইত ১,০০২.৫ টকা, কলকাতাত ১,০২৯ টকা আৰু চেন্নাইত ১,০৫৮ টকা।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Each cylinder will cost up