দেশজুৰি পেট্ৰ’ল ডীলাৰ্ছসকলে দিনজোৰা ধৰ্মঘট পালন কৰিব


31/05/2022 15:57:45 PM   Moutushi         36







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মঙলবাৰে দেশজুৰি পেট্ৰ’ল ডীলাৰ্ছসকলে দিনজোৰা ধৰ্মঘট পালন কৰিব। ডীলাৰছৰ কমিছন বৃদ্ধি কৰাৰ দীৰ্ঘদিনীয়া দাবীত আজি পেট্ৰ’ল পাম্প সমূহে তৈল বিপণন কোম্পানীৰ পৰা পেট্ৰ’ল-ডিজেল ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে ধৰ্মঘট কৰিলেও পেট্ৰ’ল পাম্প সমূহ স্বাভাৱিকভাৱে খোলা থাকিব। কেৱল চৰকাৰৰ পৰা ইন্ধন ক্ৰয় কৰাৰ পৰা বিৰত থাকিব।

উল্লেখনীয় যে পেট্ৰ’ল-ডিজেলৰ দাম কম কৰাৰ লগে লগে পেট্ৰ’ল পাম্পৰ গৰাকী সকল কেইবাকোটি টকাৰ লোকচানৰ সন্মুখীন হবলগীয়া হয়। কিয়নো উচ্চ দামত ক্ৰয় কৰা ইন্ধন কম দামত বিক্ৰী কৰিব লগাত পৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Petrol dollar observe strike across country