কোকৰঝাৰত জুৱাৰ ব্যৱসায় চলোৱা ৫ জন মূল সদস্যক আটক


01/06/2022 14:12:38 PM   Moutushi         41







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বিগত কেই বছৰ ধৰি সমগ্ৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ বিলাসীপাৰা, চাপৰ আদি অঞ্চলত তীৰ, আই পি এল ক্ৰিকেটৰ নামত চলি আহিছে জুৱাৰ ৰমৰমীয়া ব্যৱসায়। ধুবুৰী আৰু বিলাসীপাৰা আৰক্ষী প্ৰশাসনে গোপন বুজাবুজিৰে এনে ব্যৱসায় চলায় আছে বুলি সাধাৰণ ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে।

আনহাতে যোৱা ৩০ মে’ তাৰিখে নিশা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে চহৰখনৰ কহিনুৰ হোটেলত অভিযান চলাই ধুবুৰীৰ বিলাসীপাৰা আৰু কোকৰঝাৰত আই পি এল নামত জুৱাৰ ব্যৱসায় চলোৱা বৃহৎ চক্ৰটোৰ ৫ জন মূল সদস্যক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন জুৱাৰীকেইটা ধুবুৰীৰ বিলাসীপাৰাৰ ক্ৰমে প্ৰয়াত কুশ কুমাৰ সাহাৰ পুত্ৰ কৌশিক সাহা(৩৪),দিবাকৰ দাস(৩৬),বাপন ৰায়(২৮),সুৰজ নাথ(৩০) আৰু সঞ্জীৱ কৰ্মকাৰ(৩৫) বুলি আৰক্ষীয়ে তথ্য সদৰি কৰে। পাঁচজনীয়া জুৱাৰীৰ দলটোৰ পৰা আৰক্ষীৰ অভিযানকাৰীৰ দলটোৱে এখন ইন’ভা(এ এছ ০১ ই ডি ৪০৪৩) এখন মাৰুতি এক্স এল জি গাড়ী(এ এছ ১৯ কিউ ৯০৬১) আৰু এখন আপাচী মটৰ চাইকেল(এ এছ ১৭ এল ১৬২৩) জব্দ কৰিবলৈ সক্ষম হয়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        5key members gambling business arrested Kokrajhar