03/06/2022 14:40:29 PM Moutushi 835
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আহিছে আন এক ভাল খবৰ। পুনৰবাৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ আহিছে অসম সন্মান শিৱ থাপালৈ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱই জুলাইত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে।
প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰা অলিম্পিয়ান শিৱ থাপাই সফলতা লাভ কৰি দেশলৈ পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতাকে ধৰি ফেডাৰেচনৰ বিষয়ববীয়া তথা তেওঁৰ প্ৰশিক্ষিক আৰু অনুৰাগীসকলে। শিৱই প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ পূৰ্বে শিৱই ২০১৪ চনৰ গ্লাচগ’ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।