05/06/2022 13:54:11 PM Moutushi 29
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
মঙলদৈ: ৰাসায়নিক সাৰৰ ক'লা ব্যৱসায়ীৰ বিৰূদ্ধে থকা কঠোৰ অভিযান অব্যাহত থাকিব। কৃষকে যাতে ন্যায্য মূল্যত সাৰ ক্ৰয় কৰিব পাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ জিলা কৃষি বিষয়া সকলক নিৰ্দেশ দিয়া হৈছে। আজি মঙলদৈত দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন কৃষি আঁচনিৰ পৰ্যালোচনা কৰি কৃষি মন্ত্ৰী অতুল বৰাই এইদৰে মন্তব্য কৰে। ৰাজ্যৰ কৃষক ৰাইজকো কোনো অসাধু সাৰ ব্যৱসায়ীয়ে সাৰৰ অধিক মূল্য বিচাৰিলে ততালিকে জিলা কৃষি বিষয়াক অৱগত কৰাবলৈ কৃষি মন্ত্ৰী বৰাই আহ্বান জনায়। পি এম কিষাণ আঁচনিৰ হিতাধিকাৰী হিচাপে যাতে কোনো প্ৰকৃত কৃষক বাদ পৰি নাযায় সেই সন্দৰ্ভতো চোকা দৃষ্টি ৰাখিবলৈ কৃষি মন্ত্ৰীগৰাকী বৰাই জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে। বানপানীৰ প্ৰতি দৃষ্টি ৰাখি এই সম্পৰ্কত কৃষকক সকলোধৰণৰ সহায় আগবঢ়োৱাৰ বাবে জিলাখনৰ কৃষি বিষয়াসকলক সাজু হৈ থাকিবলৈ আহ্বান জনাই কৃষি মন্ত্ৰী বৰাই কয় যে কৃষক সৰ্বপ্ৰথম ধাৰণাৰে কৃষি বিষয়া সকলে কাম কৰিব লাগিব। এই ক্ষেত্ৰত কোনো হেমহিক প্ৰশ্ৰয় দিয়া নহ'ব বুলিও তেওঁ কৃষি বিষয়াসকলক সতৰ্ক কৰি দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকত কৃষি মন্ত্ৰী বৰাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাকে ধৰি বিভিন্ন কৃষি আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত কৃষি সচিব আৰু সঞ্চালক অনন্ত লাল জ্ঞানী,দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা কৃষি বিষয়া জ্যোতিষ নাথ, জিলা প্ৰশাসনৰ বিষয়াসকল আৰু বিভিন্ন পৰ্য্যায়ৰ কৃষি বিষয়াসকলে অংশ গ্ৰহণ কৰে। পৰ্যালোচনা বৈঠকৰ পাছত পশুপালন বিভাগৰো মন্ত্ৰী বৰাই গৰুখুটি সংহত কৃষি প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পটোৰ কামকাজৰ বুজ লয়।