05/06/2022 16:09:26 PM Moutushi 4105
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে৷ এই বৰ্ষৰ “ৰণাংগন সন্মান’’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক নিৰ্বাচিত কৰিছে৷
ইতিমধ্যে দুগৰাকী বৰেণ্য ব্যক্তিক “ৰণাংগন সন্মান’’ প্ৰদান কৰিছে৷ প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত হোমেন বৰগোহাঞিদেৱক ২০২০ চনত আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বলিষ্ঠ লেখিকা ৰীতা চৌধুৰীক ২০২১ চনৰ ৰণাংগন সন্মান লাভ কৰিছে৷ ৰাষ্ট্ৰীয় অজুৰ্ন বঁটা, মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰাৰ উপৰি অতি সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় বস্কিং এচ’চিয়েচনৰ এথলীট কমিটিৰ অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁইক এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই সন্মানেৰে সন্মানিত কৰিব বুলি জানিব দি মাহেকীয়া বাৰ্তালোচনী আৰু সাপ্তাহিক বাতৰি কাকত ‘ৰণাংগন’ৰ সম্পাদক মিণ্টু দাস আৰু ৰণাংগন প্ৰকাশনৰ পৰিচালন সম্পাদক সঞ্জীৱ বৰাই বাতৰি কাকতলৈ প্ৰেৰণ কৰা প্ৰেছ বাৰ্তাত কয় যে, এই ৰণাংগন বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু নামমাত্ৰ ১০ হেজাৰ টকাৰ ধনৰ টোপোলা৷