ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত ভাৰতীয় ষ্টেট বেংকৰ এটা নতুন শাখা উদ্ধোধন


05/06/2022 16:50:47 PM   Moutushi         6845







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
শনিবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত ভাৰতীয় ষ্টেট বেংকৰ এটা নতুন শাখা উদ্ধোধন কৰা হয় । আজি বিয়লি চাৰি বজাত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীৰ উপস্থিতিত ৰুণীখাতাৰ এই নতুন শাখাৰ উদ্ধোধন শুভ উদ্ধোধন কৰে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য মহাপ্ৰৱন্ধক আৰ,এছ, ৰমেশ ।

আজি ভাৰতীয় ষ্টেট বেংকৰ ৰুণীখাতা শাখাৰ শুভ উদ্ধোধন কাৰ্য্যসূচীৰ কেন্দ্ৰ কৰি ৰুণীখাতা এলেকাৰ ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় । তাৰ কাৰণ সুদীৰ্ঘ ৩২ বছৰৰ মুৰত ৰুণীখাতাত ৰাষ্ট্ৰীয়কৃত বেংক ভাৰতীয় ষ্টেট বেংক পুণৰ ঘুৰি আহিছে ।

উল্লেখ্য যে ১৯৮৯ চনত বড়ো জাতীয় আন্দোলনৰ সময়ছোৱাত তদানীন্তন ভাৰতীয় ষ্টেট বেংকৰ ৰুণীখাতা শাখাত দুবাৰকৈ ডকাইতি কাণ্ড সংঘটিত হৈছিল । পিছত নিৰাপত্তা আৰু সুৰক্ষাজনিত কাৰণত ৰুণীখাতাত থকা বেংকৰ শাখা কাৰ্য্যালয়খন কোকৰাঝাৰ চহৰত স্থানান্তৰ কৰে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Inauguration State Bank India Runikhata Indo Bhutan border