চাকৰিৰ পৰা নিলম্বিত জোনমণি ৰাভা


05/06/2022 16:54:24 PM   Moutushi         6840







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
গ্ৰেপ্তাৰৰ পিছত এছ আই জোনমণি ৰাভাক নিলম্বিত কৰা হৈছে ৷ নগাঁও আৰক্ষী অধীক্ষকে এক নিৰ্দেশ যোগে জোনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বিত কৰিছে ৷ ইতিমধ্যে জোনমণি ৰাভাক প্ৰবঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

আৰক্ষীৰ তদন্তত জোনমণিৰ দুটা একাউন্টত প্ৰায় ২০ লাখ টকা লেনদেন হোৱাৰ তথ্য উদঘাটন হৈছিল ৷ প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাণা পগাগৰে মিলি জোনমণিয়ে প্ৰবঞ্চনা কৰিছিল বিভিন্ন ঠিকাদাৰক ৷ জোনমণিৰ এজাহাৰৰ ভিত্তিতে হব লগা স্বামীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

বিধায়কৰ ফোন টেপিঙৰে সংবাদ শিৰোনামা দখল কৰা এছ আই জোনমণি ৰাভা প্ৰেমিক ৰাণা পগাগক গ্ৰেপ্তাৰ কৰোৱাই বাতৰি শিৰোনামা দখল কৰিছিল যদিও জোনমণিৰ সেই জনপ্ৰিয়তা মাজুলী গড়চূক আৰক্ষী থানাত ৰুজু হোৱা একাধিক গোচৰে ম্লান পেলালে ৷ সেই গোচৰৰ ভিত্তিত তিনিদিন মাজুলী আৰক্ষীয়ে জেৰা কৰাৰ অন্তত শণিবাৰে গ্ৰেপ্তাৰ হব লগা হ’ল নগাঁৱৰ কলিয়াবৰ আৰক্ষী থানাৰ এছ আই জোনমণি ৰাভা ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Jonmani Rava suspended job