চাকৰি নিয়মীয়া কৰণৰ দাবীত আজিৰে পৰা নেপফাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচী


07/06/2022 14:23:34 PM   Moutushi         6433







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
যি সময়ত ৰাজ্যৰ বিভিন্ন পলিটেকনিক (কাৰিকৰী শিক্ষানুষ্ঠান) সমূহত অংশ কালীন প্ৰৱক্তা সকলে মেধাৰ ভিত্তিত নিয়োগ লাভ কৰি পলিটেকনিকত শক্তিশালী ভূমিকা পালন কৰি আহিছে । ঠিক তেনে সময়তে পলিটেকনিকৰ অংশ কালীন প্ৰৱক্তা সকলক চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ সুবিধাৰ পৰা বঞ্চিত কৰি নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ যো-জা চলাই আছে। সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১১খন পলিটেকনিক ক্ৰমে ধেমাজি, লখিমপুৰ, শিৱসাগৰ, গোলাঘাট, শোণিতপুৰ, কামৰূপ, নলবাৰী, বাক্সা, গোৱালপাৰা , কৰিমগঞ্জ ৰ লগতে বৰপেটা পলিটেকনিকতো অংশ কালীন প্ৰৱক্তাসকলৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত আজিৰে পৰা নেপফাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি আৰম্ভ হৈছে ।

ইয়াৰ প্ৰৱক্তা সকলে জানিবলৈ দিয়া মতে চাকৰি নিয়মীয়াকৰণ তথা সংস্থাপন নিদিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰখা, তেওঁলোকৰ চিকিৎসা তথা প্ৰসৱকালীন ছূটিৰ ব্যৱস্থা কৰা লগতে গৰ্ভকালীন অৱস্থাত ছুটি ললে দৰমহা কৰ্তন নকৰা আদি কৰি কেইবাটাও দাবীৰ সমৰ্থনত হাতে হাতে প্লে’কাৰ্ড,বেনাৰ লৈ তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা কৰ্মবিৰতি ৰূপায়ণ কৰা বুলি অংশ কালীন প্ৰৱক্তা সকলে জানিবলৈ দিয়ে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Nepfer industry demands regularization jobs