08/06/2022 13:05:07 PM Moutushi 3667
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসম কৃষি বিশ্ববিদ্যালয়ে নিজাববীয়া প্ৰচেষ্টাৰে আমাৰ গাঁও আমাৰ গৌৰৱ কৰ্মসূচীৰ অধীনত বুধবাৰে ৰাজ্যৰ কৃষিক্ষেত্ৰৰ ভিতৰত প্ৰথমটো কৃষক উৎপাদন প্ৰতিষ্ঠান আৰম্ভ কৰি ৰাজ্যৰ কৃষিক্ষেত্ৰত এক অভিনৱ কাৰ্যসূচী আৰম্ভ কৰে ।
বিশ্ববিদ্যালয়খনে নিজাববীয়াকৈ আৰম্ভ কৰা আমাৰ গাঁও আমাৰ গৌৰৱ কাৰ্যসূচীৰ অধীনত তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ জৰিয়তে যোৰহাট জিলাৰ তিতাবৰৰ কৃষি অধ্যুষিত দেউঘৰীয়া,লালুঙ ,পালেঙীআৰু দিহিঙ্গীয়া গাঁওৰ কৃষকসকলক লৈ আৰম্ভ কৰা কুঁহিপাত নামেৰে এই কৃষক উৎপাদন প্ৰতিষ্ঠানটো আৰম্ভ কৰে ।
এই অনুষ্ঠানতে নিৰ্বাচিত কৃষকসকলক বিশ্ববিদ্যালয়ে নতুনকৈ উদ্ভাৱন কৰা লাৱন্য ধানৰ বীজো বিতৰণ কৰে । তিতাবৰৰ দেউঘৰীয়া গাওত অনুষ্ঠিত এক অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়া ই কয় যে আমাৰ গাঁও আমাৰ গৌৰৱ আচনিৰ অধীনত দেউঘৰীয়া, লালুঙ, পালেঙী আৰু দিহিঙ্গীয়া গাঁও বাচনি কৰি কৃষকৰ আয় দুগুণ কৰিবলৈ প্ৰাৰম্ভিক ভাবে কৃষক উৎপাদন প্ৰতিষ্ঠানটো আৰম্ভ কৰি সামুহিক ভাবে উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।