09/06/2022 15:18:35 PM Moutushi 29
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
গুৱাহাটী পৌৰ নিগমে যোৱা কিছু দিন ধৰি দুখীয়া পদপথৰ ব্যৱসায়ীসকলক বিকল্প স্থান নিদিয়াকৈ উচ্ছেদ কৰা কাৰ্য্যক তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাটীয়ে (আপ)। গুৱাহাটীৰ শ শ যুৱক-যুৱতীয়ে সংস্থাপন হেৰুৱাবলগীয়া হোৱা পৌৰ নিগমৰ এই কাৰ্য্যত উদ্বেগ প্রকাশ কৰি এক প্ৰেছ বিজ্ঞপ্তিযোগে আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে, ২০১৫ চনতে গুৱাহাটীত টাউন ভেণ্ডিং কমিটী গঠন কৰা হৈছিল যদিও সাত বছৰ পাৰ হোৱাৰ পিছতো এটাও ভেণ্ডিং জ’ন স্থাপন কৰা নহ’ল।
বিপৰীতে গুৱাহাটী পৌৰ নিগমে জিলা প্ৰশাসনৰ সহযোগত পদপথ ব্যৱসায়ীসকলক আগজাননী নিদিয়াকৈ সময়ে সময়ে উচ্ছেদ কৰি আহিছে। সেয়েহে আম আদমি পাৰ্টীয়ে এতিয়ালৈকে উচ্ছেদ কৰা গণেশগুৰি, ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰৰ ব্যৱসায়ীসকলক সংস্থাপন দিয়াৰ লগতে গুৱহাাটীৰ প্ৰতিগৰাকী পদপথ ব্যৱসায়ীক পৰিচয়-পত্ৰ প্ৰদান আৰু প্ৰধানমন্ত্রী স্বনিয়োজন আঁচনিৰ অধীনত ঋণ প্ৰদান কৰাৰ উপৰিও গুৱাহাটী মহানগৰীত অতি কমেও ৫০ খন ভেণ্ডিং জ’ন স্থাপনৰ বাবে দলটোৱে দাবী জনায়।