12/06/2022 19:54:42 PM Moutushi 612
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ ৰঙিয়াঃ ৰাজ্যৰ প্ৰাক্তন কাবাডী খেলুৱৈ সকলৰ এক এদিনীয়া সম্মিলন আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। অসমৰ কেবাগৰাকী প্ৰাক্তন ৰাজ্যিক খেলুৱৈৰ উপস্থিতিত অনুষ্ঠিত সন্মিলনত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৭০গৰাকী প্ৰাক্তন কাবাডী খেলুৱৈ অংশগ্ৰহণ কৰে। সম্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত সভাপতিত্ব কৰে প্ৰবীণ খেলুৱৈ নাজিমুদ্দন আহমেদে । প্ৰাক্তন খেলুৱৈ হৰেশ্বৰ বড়োয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত এখন শক্তিশালী কমিটি গঠন কৰা হয়। সৰ্বসম্মতি ক্ৰমে গঠিত সমিতিত আতিকুল ইছলাম আনচাৰীক সভাপতি হৰেশ্বৰ বড়োক কাৰ্যকৰী সভাপতি, ছিদ্দিকুৰ ৰহমান ক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰা হয় ।সভাত এখন সংবিধান প্ৰনয়ন সমিতিও গঠন কৰা হয়। সভাত বক্তা সকলে অসমত কাবাডী খেল আৰু খেলুৱৈৰ উন্নয়নৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। তেওঁলোকে ৰাজ্যৰ কাবাডী খেলৰ উন্নতি ৰ বাবে সদস্যসকলোক নিজৰ নিজৰ জিলাত বিহীত ব্যবস্থা ল'বলৈ আহ্বান জনায় ।সন্মিলনত বিশিষ্ট ক্ৰীড়া স্ংগঠক বীৰেণ কলিতা, আলাউদ্দিন আহমেদ আৰু বিপুল মেধি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।