14/06/2022 15:05:57 PM Moutushi 24
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসমৰ ২৩ খনৰ জিলাৰ খুচুৰা সাৰ ব্যৱসায়ী সকলক লৈ গুৱাহাটীৰ এখন হোটেলত সদৌ অসম খুচুৰা সাৰ ব্যৱসায়ী সন্থা নামেৰে এটা নতুন সংগঠনৰ জন্ম দিয়া হৈছে। বাবুল দাসৰ সভাপতিত্বত গুৱাহাটীৰ হোটেল মেজেষ্টি ল’নত অনুষ্ঠিত সভাখনত খুচুৰা সাৰ ব্যৱসায়ী সকলৰ সমস্যা সম্পৰ্কত বিস্তৃত আলোচনা কৰা হয় ।
এই সভাতে সদৌ অসম খুচুৰা সাৰ ব্যৱসায়ী সন্থা নামেৰে এটা সংগঠন গঠন কৰা হয় ।সন্থাৰ নতুন সভাপতি হিচাপে মৰিগাঁৱৰ বাবুল দাস আৰু সম্পাদক হিচাপে শোনিতপুৰৰ ৰাজেশ শৰ্মা নিৰ্বাচিত হোৱাৰ লগতে ১৭ জনীয়া এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। ডিব্ৰুগড় জিলাৰ সুশীল দিহিঙ্গীয়াক কাৰ্যকৰী সভাপতি হিচাপে বাছনি কৰা হয়।
এই সভাখনতে বহুকেইটা গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয়। উল্লেখযোগ্য যে, বিগত সময়চোৱাত খুচুৰা সাৰ ব্যৱসায়ী সকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে নিজৰ নিজৰ এলেকাত খুচৰা দোকান খুলি কৃষক ৰাইজৰ মাজত সাৰ বিক্ৰী কৰি আহিছিল।