বিশ্বৰ অন্যতম ধনী লীগলৈ ৰূপান্তৰিত হ’ল আই পি এল


14/06/2022 16:52:50 PM   Moutushi         568







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বিশ্বৰ অন্যতম ধনী লীগলৈ ৰূপান্তৰিত হ’ল ইণ্ডিয়ান চুপাৰ লীগ চমুকৈ আই পি এল। আই পি এলৰ জনপ্ৰিয়তা কিমান সেয়া নতনুকৈ কোৱাৰ প্ৰয়োজন নাই। আই পি এলৰ জ্বৰত আক্ৰান্ত হয় সমগ্ৰ বিশ্ব।বিশ্বৰ বিভিন্ন দেশত অনুষ্ঠিত হৈ থকা ক্ৰিকেট লীগ সমূহৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগেই হৈছে আই পি এল। বিদেশী খেলুৱৈসকলেও নিজ দেশৰ জাতীয় দলতকৈ আই পি এলক অধিক প্ৰাধান্য দিয়াৰ ঘটনাও ক্ৰিকেট অনুৰাগীয়ে প্ৰত্যক্ষ কৰিছে।

শেহতীয়াকৈ এই আই পি এলৰ মিডিয়া স্বত্ব বিক্ৰী কৰি বি চি চি আইয়ে আহৰণ কৰা ধনে এতিয়া সকলোৰে চকু কপালত তোলাৰ লগতে পুনৰবাৰ প্ৰমাণ কৰিলে বিশ্বৰ অন্যতম জনপ্ৰিয় লীগলৈ ৰূপান্তৰ হৈছে আই পি এল। প্ৰকাশিত খবৰ অনুসৰি আই পি এলৰ টিভি আৰু ডিজিটেল মাধ্যমত প্ৰচাৰৰ কৰাৰ অধিকাৰ প্ৰদানৰ বিনিময়ত বি চি চি আইয়ে ৪৬ হাজাৰ কোটি টকাৰো অধিক উপাৰ্জন কৰিছে।

এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ ৰ পৰা ২০২৭ চনলৈ মুঠ ৪১০ খন আই পি এল মেচৰ বাবে পেকেজ- এ অনুসৰি ২৩ হাজাৰ ৫৭৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ প্ৰতিখন মেচ ৫৭.৫ কোটি টকাৰ বিনিময়ত মিডিয়া স্বত্ব বিক্ৰী কৰা হৈছে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        IPL transformed richest leagues world