16/06/2022 21:33:19 PM Moutushi 2832
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ মঙলদৈ :: শাকতোলা নদীৰ বাঢ়নী পানীয়ে আজি বিয়লি ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পিপিৰা দোকান আৰু শাকতোলা দলং সংযোগী অংশ বুৰাই পেলোৱাৰ বাবে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এক নিৰ্দেশ যোগে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত এই পথচোৱাত তাৎক্ষণিক ভাবে বলবৎ হোৱাকৈ সকলো ধৰণৰ যানবাহন চলাচলত বাধা আৰোপ কৰে। এই নিৰ্দেশ পুনৰ নতুন নিৰ্দেশ নোহোৱা পৰ্যন্ত বাহাল থাকিব। ।