ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰতলৈ আন এক ভাল খবৰ


17/06/2022 14:41:23 PM   Moutushi         502







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰতলৈ আন এক ভাল খবৰ। শিৱ থাপা, লাভলীনাৰ পিছত এইবাৰ হিমা দাসৰো কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ’ল। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে এথলেটিকছ ফেডাৰেচনে ঘোষণা কৰা দলত স্থান লাভ কৰিছে হিমাই।

উল্লেখ্যে যে কমনৱেলথ গেমছত ভাগ ল’বৰ বাবে এথলেটিকছ ফেডাৰচনে মুঠ ৩৭ জনীয়া এক দল ঘোষণা কৰিছে। এই দলত হিমা দাসেও স্থান লাভ কৰিছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ভাৰতীয় ৪x১০০ মিটাৰ ৰীলে দলটোৰ লগত স্থান দিয়া হৈছে হিমাক।

ফেডাৰচেন ঘোষণা কৰা এই ৰীয়ে দলটোত হিমা দাসৰ উপৰিও থাকিব ধনলক্ষ্মী., ড্যুটি চান্দ আৰু শ্ৰবানি নন্দা। ইয়াৰ উপৰিও দলটোত আছে এম ভি ছিমি এন এছ। উল্লেখ্য যে বাৰ্মিংহামত ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        good news sports sector state