18/06/2022 13:18:54 PM Moutushi 3173
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাজ্যৰ চৰকাৰী বন্ধৰ সংক্ৰান্তত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এক শুধৰণি অধিসূচনা। পূৰ্বে চৰকাৰী ভাৱে জাৰি কৰা বন্ধৰ তালিকাত ঈদ-উল-ফিটৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ১০ জুলাই, ২০২২ আৰু অসমীয়া কেলেণ্ডাৰ (ভাস্কৰব্দ) অনুসৰি ২৪ আহাৰত বুলি প্ৰকাশ পাইছিল। নতুনকৈ জাৰি কৰা অধিসূচনাত এই বন্ধ অসমীয়া ২৪ আহাৰৰ পৰিৱৰ্তে ২৫ আহাৰ হ’ব বুলি কোৱা হৈছে।
আনহাতে সীমিত বন্ধৰ তালিকাত থকা ২০ জুনৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস ৪ আহাৰৰ পৰিৱৰ্তে ৫ আহাৰ, ৩০ জুনৰ হুল দিৱস ১৪ আহাৰৰ পৰা ১৫ আহাৰ আৰু নেপালী কবি ভানু ভক্ত আচাৰ্যৰ ১৩ জুলাইৰ জন্ম দিৱসটি ২৭ আহাৰৰ পৰিৱৰ্তে ২৮ আহাৰ কৰা হৈছে।