18/06/2022 13:40:22 PM Moutushi 477
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অহা ১৭ আগষ্টৰ পৰা থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মুকলি কাৰাটে ডু প্ৰতিযোগিতাত অসমৰ পৰা কোকৰাঝাৰৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈয়ে অংশগ্ৰহণ কৰিব।বৰ্তমান কোকৰাঝাৰৰ সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত ৰীমাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা বুটলিবলৈ সক্ষম হৈছে ৷
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত প্ৰতিযোগিতাত দেশৰ ১১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব য’ত অসমৰ পৰা একমাত্ৰ ৰীমাই অংশগ্ৰহণ কৰিব ৷ ইতিমধ্যে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া সুনাম অৰ্জন কৰা ৰীমাই ব্যস্ততাপূৰ্ণ কৰ্তব্যৰ মাজতে খেলৰ অনুশীলন চলাই গৈছে ৷