ড° দীপক বৰ গোহাঁইৰ পৌৰহিত্যত এখনি গ্ৰন্থ উন্মোচনী সভা


19/06/2022 14:44:53 PM   Moutushi         52598







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
শনিবাৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰাংগনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰ গোহাঁইৰ পৌৰহিত্যত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ ধেমাজি ৪ নং ৱাৰ্ডৰ জ্যোতিনগৰৰ নিবাসী তথা চমৰাজানৰ স্বৰ্ণপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বাবুল গগৈয়ে লিখা আৰু মাজুলীৰ মনিকাঞ্চন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা “ সমষ্টিত অৰ্থবিজ্ঞান ” গ্ৰন্থখনি উন্মোচন কৰে।

মৰিঢল মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° কমল গগৈয়ে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ ছাত্ৰ- ছাত্ৰী সকলে অধ্যয়নত উপকৃত হ’ব পৰাকৈ( চিবি চি এচ)ৰ পাঠ্যক্ৰমৰ আধাৰত লিখি উলিওৱাৰ গ্ৰন্থখনি উন্মোচন কৰি ড° গগৈয়ে বক্তব্যত লিখক বাবুল গগৈয়ে ৩৮৬ পৃষ্ঠা জোৰা লিখা গ্ৰন্থখনিয়ে ছাত্ৰ-ছাত্ৰীৰ
বাবে যথেষ্ট সহায়ক হ’ব বুলি উল্লেখ কৰে। লগতে বিগত বহুকেইটা বছৰ ধৰি ধৈৰ্য্যৰে যাত্ৰা আৰম্ভ কৰি আজি পূৰ্নাংগ ৰূপ দিয়া যাত্ৰাই এক আশা ৰেঙণি কঢ়িয়াই আহিছে বুলি উল্লেখ কৰে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        book launch meeting led by Dr° Deepak Bar Gohai