20/06/2022 13:28:45 PM Moutushi 3248
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আজি ৰাভা দিৱস । ৰাজ্যজুৰি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক কৰা হৈছে স্মৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি চৰাইদেউ মথুৰাপুৰতো সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়।
মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মথুৰাপুৰ সমন্বয় সংগীত বিদ্যালয় উদ্যোগত দিনজোৰা কাৰ্যসূচী এই দিৱসটি উদযাপন কৰা হ’ব ৷ এই উপলক্ষত বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন মাল্যৰ্পনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিদ্যালয় অধ্যক্ষা ড° গিতিমনি হাটিকাতিয়ে ৷ ইয়াৰ পিচতেই ৰাভা সংগীত ,কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হয় ৷