20/06/2022 13:40:32 PM Moutushi 130
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাজ্যত বান বিভীষিকা মাজতে ঘৰতে বহি নিজৰ শিল্প কৰ্মৰে চিত্ৰ অংকন কৰি ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধা জনালে শোণিতপুৰৰ যুৱক চন্দন জ্যোতি শৰ্মাই। আজি ২০ জুন, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহা প্ৰয়াণৰ দিন।
অসমীয়া জাতীয় জীৱনৰ আৰু অসমীয়া কলা সংস্কৃতিৰ পথাৰত বিষ্ণুপ্ৰসাদ ৰাভাই যি খোজ এৰি থৈ গৈছে, সেয়া আজিও চিৰ জ্যোতিস্মান। অসমৰ বিভিন্ন জাতি সত্বাৰ মাজত গীতেৰে সুৰেৰে কথাৰে ৰাভাদেৱে গঢ়িছিল সমন্বয়ৰ সেতু। তেওঁ আজন্ম বিপ্লৱী শিল্পী। সেই মহান সৈনিক শিল্পী ৰাভা দেৱ লৈ এনেদৰেই মুখত ৰং তুলিকা লৈ ব্ৰাছ লৈ ওলোটাকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰ অংকন কৰি শিল্পী গৰাকীলৈ জনালে একাঁজলী শ্ৰদ্ধাঞ্জলি।