20/06/2022 13:59:06 PM Moutushi 131
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলে আজি শপতগ্ৰহণ কৰিব। পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব তুলিৰাম ৰংহাঙে। প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব ৰাজ্যপালে।
সেই উপলক্ষে ডিফুৰ কাষৰ তাৰালাংছোক আটকধুনীয়াকৈ সজাই তোলা হৈছে। এই তাৰালাংছোতে মুকলিকৈ অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান। উল্লেখ্যে যে ৩০ জন সদস্য থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই ২৬ টা সমষ্টিতেই বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।
আজিৰ শপত গ্ৰহণ অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ ১৭ গৰাকী নিৰ্বাচিত সদস্য সিংহাসনৰ অমৰছিং টিছো, নমাটিৰ ৰিতেশ ইংহি, মহালয়াৰ লুনছিং টেৰন, চোচেং ধেন্টাৰ কাছে ৰংপিপী, কৰকান্থীৰ ৰাজু টিছো, লানহিঙৰ বিলমোহন খাখলাৰী, ফুলনিৰ কানবুৰা কিলিং, লাংফেৰৰ মধুৰাম লেখটে, লুম্বাজঙৰ জনি তিমুং, ধনশিৰিৰ তিলোত্তমা হাছনু, হাওৰাঘাটৰ অজিত কুমাৰ দে, বোকাজানৰ মাধুৰ্য্য ঢেকিয়াল ফুকন, নিলিপৰ পবিত্ৰ ৰংপি, দুৱাৰ বাগৰিৰ ৰিচাৰ্দ টকবি, বৰজানৰ সূৰ্য ৰংফাৰ, সৰুপথাৰৰ কাদম টেৰাংপী, দেওপানীৰ শ্ৰৱন তেংলেগাই শপত গ্ৰহণ কৰাৰ লগতেপশ্চিম কাৰ্বি আংলং জিলাৰ ৯ গৰাকী সদস্য ক্ৰমে তুলিৰাম ৰংহাং, প্ৰভাত টাৰো, ডি উফিং মিছলাই, অভিজিৎ ক্ৰ’, লম্বিছন বে, হেডছিং ৰংফাৰ, মংগলছিং তিমুং, পৱন কুমাৰ আৰু ৰীনা টেৰাংপীয়ে আজি শপত গ্ৰহণ কৰিব।