ৰাভা দিৱসৰ শুভ ক্ষণত এক বিশেষ কাৰ্যসূচী


20/06/2022 15:11:26 PM   Moutushi         144







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
নিস্পেষিত জনগনৰ বাবে জীৱন উৎসৰ্গা কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৷ আৰ্তজনৰ কাষত ঠিয় দিছিল বিষ্ণুপ্ৰসাদ ৰাভাই ৷ বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভ ক্ষণত পুৱাতে নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ’চিয়েচন আৰু নগাঁও জিলা বাৰ্তাজীৱী সংঘই হাতত ল’লে এক বিশেষ কাৰ্যসূচী ৷ নগাঁৱৰ সাংবাদিক সংগঠন দুটিয়ে বানাক্ৰান্ত লোকলৈ আগবঢ়ালে সহায়ৰ হাত ৷ কামপুৰ কঠিয়াতলি অঞ্চলত উপস্হিত হৈ অনাহাৰে থকা লোকলৈ আগবঢ়ালে খাদ্যৰ টোপোলা ৷

সাংবাদিক সংগঠন দুটিয়ে আয়োজন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱসৰ দুদিনীয়া কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী “বানাক্ৰান্তলৈ সাহাৰ্য্য” ৰূপায়ন কৰে কঠিয়াতলি জ্যোতি নগৰ গাঁৱত ৷ স্হানীয় প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকৰ মাজত চাউল,দালি,চিৰা,মিঠাতেল,মেগি,বিস্কুট, গাখীৰ,খোৱাপানী আদিৰ টোপোলা বিতৰন কৰে ৷ আশ্ৰয় শিবিৰৰ লগতে পথৰ দাতিত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোককো খাদ্যৰ টোপোলা বিতৰন কৰে সাংবাদিক সকলে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :