20/06/2022 15:16:56 PM Moutushi 143
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ধেমাজি জিলাৰ অন্তৰ্গত পশ্চিম ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুক্ষাতিৰে উৰ্ত্তীণ হোৱা বিদ্যালয়খনৰ কৃতী ছাত্ৰ জয়ন্ত গগৈক ‘স্বৰ্গীয় ঘনশ্যাম গগৈ স্মাৰক মেধা বৃত্তি’ প্ৰদান কৰে। এই উপলক্ষে আয়োজিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত কৃতি ছাত্ৰ জয়ন্তক নগদ ১০ হাজাৰ টকা, এখনি মানপত্ৰ আৰু এটি কিতাপৰ টুপুলা প্ৰদান কৰে মৰিধল মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° লেখন গগৈয়ে।
কৃতি ছাত্ৰ জয়ন্ত গগৈ লাখটকীয়া গাঁৱ নিবাসী বলিন গগৈ আৰু মাতৃ মৌচূমী গগৈৰ জ্যেষ্ঠ্ পুত্ৰ ৷ তেওঁ সদ্যঘোষিত হাইস্কুল শিক্ষাশ্ত পৰীক্ষাত ডিষ্টিংচনসহ বিদ্যালয়খনৰ পৰা সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি মেধা বৃত্তি লাভ কৰে ৷ এই কৃতী ছাত্ৰজনক পশ্চিম ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰাও নগদ ৫ হাজাৰ টকা প্ৰদান কৰি প্ৰধান শিক্ষক নীলাম্বৰ গগৈয়ে সম্বৰ্ধনা জনায়।
সম্বৰ্ধনা অনুষ্ঠানত মেধা বৃত্তি প্ৰদান কৰি অধ্যাপক ড° লেখন গগৈয়ে বক্তব্যত জীৱনত সফলতা লাভ কৰিবলৈ হ’লে কেনেকৈ দৃঢ়তাৰে লক্ষ্য নিৰ্ধাৰণ কৰি কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে আগবাঢ়িব লাগে সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক দিকদৰ্শন কৰে। তেওঁ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাত বিদ্যালয়খনত এক চহকী পুথিভড়াঁল গঢ়ি তুলিবলৈ সকলো পক্ষকে আহ্বান জনায়।