20/06/2022 15:25:29 PM Moutushi 145
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
সদৌ অসম ছাত্ৰ সন্হাৰ প্ৰাক্তন উপ- সভাপতি তথা অসম সাহিত্য সভাৰ হিতৈষী সদস্য নৰেন কোৱঁৰৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে দেওবাৰে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘নৰেন’ পুৱা ১০ বজাত উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্য্যনিৰ্বাহক সদস্য অৰুণ কুমাৰ দিহিঙ্গীয়াই ৷
ধেমাজি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কমল বাইলুঙে সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনিত প্ৰাক্তন ছাত্ৰনেতা ঘনকৃষ্ণ বৰগোহাঁয়ে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে।৬০ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৰচনা কৰা লেখাসমৃদ্ধ স্মৃতিগ্ৰন্থখনি সম্পাদনা কৰিছে মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ভূপেন গগৈয়ে।
উন্মোচনী সভাত জোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণী টায়েং, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা,বিশিষ্ট সাহিতিক বগেন গগৈ , অৰুনোদয় হাই স্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ঘন কোৱঁৰ, নৰেন কোৱঁৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থখনৰ সম্পাদনা সমিতিৰ সভাপতি ৰবি গগৈ , প্ৰাক্তন ছাত্ৰনেতা তোলন কোঁৱৰ আদিয়ে প্ৰয়াত নৰেন কোঁৱৰৰ জীৱনক কেন্দ্ৰ কৰি ভাষণ প্ৰদান কৰে।