21/06/2022 15:29:12 PM Moutushi 144
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
“মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত হাত যুৰিছোঁ। মাননীয় শিক্ষা মন্ত্ৰী মহোদয়, মাননীয়, বোকাখাতৰ বিধায়ক,আমাৰ মন্ত্ৰী অতুল বৰাক হাতযোৰ কৰিছোঁ। মই ‘বিশেষ ভাৱে সক্ষম’ শিক্ষয়িত্ৰী।অৱসৰলৈ আৰু দুবছৰ আছে।মোৰ চাকৰিটো চৰকাৰী কৰি দিয়ক। ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভগা স্কুল খন সাজি দিয়ক” – এই কাতৰ আহ্বান গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ অধীনৰ বেচৰকাৰী “দুৰ্গাপুৰ প্ৰাথমিক বিদ্যালয়”ৰ একমাত্ৰ শিক্ষয়িত্ৰী ঊষাৰাণী শইকীয়াৰ।