22/06/2022 14:31:36 PM Moutushi 2846
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকত দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ দেশবাসীৰ। মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকত নমাই গুৱাহাটীত উপস্থিত হৈছে শিৱসেনা আৰু নিৰ্দলীয়ৰ প্ৰায় ৪০ গৰাকী মন্ত্ৰী বিধায়ক। একনাথ সিন্ধেৰ নেতৃত্বত গুৱাহাটীলৈ অহা এই দলটোত আদৰণি জনাইছে বিজেপি নেতা সুশান্ত বৰগোঁহাই আৰু পল্লৱ লোচন দাসে।
একনাথ সিন্ধে দাবী কৰিছে যে ৫৫ গৰাকী শিৱসেনাৰ বিধায়কৰ ভিতৰত ৪০ গৰাকী তেওঁৰ সমৰ্থনত আছে লগতে আছে ৬ গৰাকী নিৰ্দলীয় বিধায়ক।উল্লেখ্য যে, দলত্যাগ বিৰোধী আইনৰ অধীনত তেওঁ অযোগ্যতাৰ প্ৰক্ৰিয়াৰ সন্মুখীন নহ’ব বুলি নিশ্চিত কৰিবলৈ সিন্ধেক ৩৭ জন দলীয় বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন।