উত্থাপিত হৈছে কোনোধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাৰ অভিযোগ


22/06/2022 15:14:24 PM   Moutushi         3173







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বানৰ তাণ্ডবত বৰপেটা জিলাৰ বহু গাঁৱৰ লোকে দিশহাৰা হৈ পৰাৰ পিচত এতিয়া শিবিৰে শিবিৰে উত্থাপিত হৈছে কোনোধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাৰ অভিযোগ ৷ সমান্তৰাল ভাৱে একাংশ গাঁৱত বানাক্ৰান্ত লোকে শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰাৰ পিচতো তেনে শিবিৰ সমূহৰ কথা চৰকাৰী তথ্যৰ আওতাত পৰা নাই ৷ জিলাখনৰ অন্যান্য অঞ্চলৰ লগতে বৰপেটা চহৰৰ সমীপৱৰ্ত্তী কেওঁটকুছি , পাটবাউসী আদি গাঁও সমুহকো বানে কোবাই যায় ৷

এই গাঁও সমূহৰ বহু বানাক্ৰান্তই স্কুলঘৰ আদিত আশ্ৰয় গ্ৰহণ কৰাৰ উপৰিও একাংশ বানাক্ৰান্তই গৰু ছাগলীৰ সৈতে দলঙৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ কেওঁটকুছি গাঁৱৰ বৰপেটা হাজো পথৰ ওপৰত থকা তিনিখনকৈ দলঙৰ ওপৰত এনেদৰে বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি থকা দৃশ্য এতিয়া সূলভ ৷

একেদৰে কেওঁটকুছি পাটবাউসী পথত থকা দলঙৰ ওপৰতো বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে ৷ কিন্তু কেওঁটকুছি, পাটবাউসীত থকা বানাক্ৰান্তৰ কোনো এটা শিবিৰৰ কথা চৰকাৰীভাবে প্ৰকাশ কৰা তথ্যত উল্লেখ নাই ৷ উল্লেখ্য যে , বৰপেটা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ জৰিয়তে প্ৰশাসনে আজি প্ৰকাশ কৰা বৰপেটা জিলাৰ বান পৰিস্থিতিৰ প্ৰতিবেদন অনুসৰি , বৰপেটা ৰাজহ চক্ৰ এলেকাত ৭৬ টা বানাক্ৰান্ত শিবিৰৰ কথা উল্লেখ কৰিছে ৷ কিন্তু ৰাজহ চক্ৰ এলেকাটোৰ কেওঁটকুছি , পাটবাউসীৰ কোনো এটা শিবিৰৰ কথা উক্ত প্ৰতিবেদনত প্ৰকাশ পোৱা নাই ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Allegations government assistance raised