22/06/2022 15:28:02 PM Moutushi 117
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
গৰৈমাৰীত অঘটন। এটি কণমানি ছাত্ৰৰ সলিল সমাধি। মঙ্গলবাৰে গৰৈমাৰী হাৰিয়াবিল গাঁৱৰ দিব্যজ্যোতি পাটৰ নামৰ প্ৰথম শ্ৰেণীত অধ্যয়নত কণমানি ছাত্ৰ জনে স্কুলৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে এই অঘটন সমঘটিত হয়।
স্কুলৰ পৰা আহি থকা অৱস্থাত দিব্যজ্যোতিয়ে শৌচ কৰিবলৈ ঘৰৰ কাষৰ পথাৰলৈ যায় আৰু সেই সময়তে পুখুৰীত পৰে। ফলত মৃত্যু হয় দিব্যজ্যোতিৰ।