23/06/2022 14:23:08 PM Moutushi 229
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বিশিষ্ট সমাজ কৰ্মী সুৰভি কলিতালৈ ২০২২ বৰ্ষৰ সন্মানীয় ৰাজ্যিক আদৰ্শ জননী বঁটা আৰু বিশিষ্ট সাংবাদিক মোনজ কুমাৰ গোস্বামীক ৰাজ্যিক অমৃত প্ৰবাহ সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, অমৃত নিউজ পৰ্টেল আৰু জনপ্ৰিয় সপ্তাহিক কাকত অমৃত প্ৰবাহৰ জুৰীয়ে এই বঁটা ঘোষণা কৰে।
১৫ আগষ্টৰ বিয়লি ৪ বজাত ঐতিহাসিক কটন কলেজৰ এলুমনাই প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানটোতে অসমৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ৬১ গৰাকী ব্যক্তিলৈ ২০২২ বৰ্ষৰ ‘বিশেষ ব্যক্তি বিশেষ সন্মান’ৰে সন্মানিত কৰিব বুলি সমিতিৰ সভাপতি কৈলাশ শৰ্মা আৰু কুমুদ বড়োৱে জানিবলৈ দিছে।