23/06/2022 14:24:10 PM Moutushi 37
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ডিমৌত সংঘটিত হৈছে শোকাবহ ঘটনা। পৰকীয়া প্ৰেমৰ পৰিণতিত কল্যান গগৈ নামৰ এজন লোকে পানীত জপিয়াই দিয়ে পৰিয়ালৰ সৈতে।পানীত জাঁপ দিয়াৰ পূৰ্বে কল্যান গগৈয়ে ফেচবুকত এটা পোষ্ট দি এই সমগ্ৰ ঘটনাৰ কথা উল্লেখ কৰে।
জিতু তপন শইকীয়া নামৰ এজন লোকৰ পত্নীৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ কৰি পোষ্টটোত লিখে যে এই সম্পৰ্কৰ সুযোগ লৈ স্বামী-স্ত্ৰীয়ে মিলি ১০ লাখ টকাৰ দাবী কৰিছিল। তাৰ পৰিণতিতেই কন্যা পত্নী সহ পানীত জপিয়াই আত্মহত্যা কৰাৰ কথা উল্লেখ কৰে।
এতিয়ালৈকে এই পানীত জাঁপ দিয়া পৰিয়ালটোৰ কাকোৱেই উদ্ধাৰ কৰা হোৱা নাই। স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আছে আৰক্ষীয়ে।