১৮ টা ক্ৰীড়া ক্লাৱৰ মাজত খেলৰ সামগ্ৰী বিতৰণ


23/06/2022 14:25:11 PM   Moutushi         348







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি বৰহাটৰ কৰম ভৱনত অন্তৰ্গত ১৮ টা ক্ৰীড়া ক্লাৱৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰে৷ এই উপলক্ষত অনুষ্ঠিত সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি কয়, ক্ৰীড়া আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ ৷

ক্ৰীড়াৰ জৰিয়তে এখন সুস্থ সৱল সমাজ নিৰ্মাণ তথা খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে গাওঁ অঞ্চলৰ সুপ্ত প্ৰতিভাসমূহ উদ্ভাষিত কৰিলেহে জাতি, ৰাজ্য আৰু দেশ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৌৰাৱাম্বিত হ’ব ৷ ক্ৰীড়া আন্তঃগাঁথনিৰ জৰিয়তে অসমৰ খেলুৱৈসকলক ক্ৰীড়া সামগ্ৰী বিতৰণৰ যোগেদি ক্ৰীড়া ক্ষেত্ৰখন উত্তৰণৰ বাবে আমাৰ চৰকাৰে অহোপুৰুষাৰ্থ কষ্ট কৰি আহিছে বুলি উল্লেখ কৰে ৷

সভাত বিজেপি বৰহাট মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক চন্দন সোনোৱাল বৰুৱাছালি জিলা পৰিষদৰ সদস্যা পূৰৱী গগৈকে ধৰি ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Distribution sports items among sports clubs