23/06/2022 14:31:21 PM Moutushi 344
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৪১ সংখ্যক এছিয়ান চিনিয়ৰ চাইকেলিং ট্ৰেক চেম্পিয়নশ্বিপত মহিলাৰ এলাইট স্ক্ৰেটচ ৰেচত ভাৰতৰ হৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ যুৱতীয়ে।
ব্যক্তিগত শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ মেডেল কঢ়িয়াই আনিলে অসমৰ প্ৰতিভাশাৰী চাইক্লিষ্ট চয়নিকা গগৈয়ে।
ইয়াৰ পূৰ্বে দলীয় শাখাটো নাম উজ্বলাইছিল চয়নিকাই।
পুনৰ বাৰ চয়নিকা গগৈয়ে দেশৰ লগতে অসমৰো নাম উজলাবলৈ সক্ষম হয়।
চয়নিকাৰ ঘৰ গহপুৰত।