অব্যাহত আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট


23/06/2022 14:36:17 PM   Moutushi         390







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অব্যাহত আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট। মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে চৰকাৰৰ বাবে সংকট নমাই বুধবাৰেই গুৱাহাটীত উপস্থিত হৈছে একনাথ সিন্ধে সহ প্ৰায় ৪০ বিধায়ক। তাৰপাছতেই মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী।

এই সময়চোৱাত এই বিধায়ক সকলে বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিশ্বন ব্লু নামৰ হোটেলখনত। খবৰ অনুসৰি হোটেলত হোৱা বৈঠকৰ মাজত বিজেপিয়ে একনাথ সিন্ধেক উপ-মুখ্যমন্ত্ৰীৰ পদ অফাৰ কৰে।বিজেপিৰ লগত শিৱসেনাৰ বিধায়কৰ আলোচনা হয় আৰু মহাৰাষ্ট্ৰৰ বিজেপি বিধায়কো আহি উপস্থিত হৈছে গুৱাহাটীত।

অন্যহাতে এন চি পিৰ প্ৰমুখ সাৰদ পৱাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে।এই ৎত সাৰদ পৱাৰে কয় যে বিৰোধ যদি কম কৰিব বিচাৰে তেন্তে একনাথ সিন্ধেক মুখ্যমন্ত্ৰীৰ পদ দিব লাগে। সেই বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে চৰকাৰী বাসগৃহ ত্যাগ কৰে




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Maharashtra's political crisis continues