মৰিগাঁও নেলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা


23/06/2022 14:39:23 PM   Moutushi         40







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মৰিগাঁও নেলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
জাগীৰোডৰ কুমাৰবড়ীত বান পীড়িতক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আশ্ৰয় গ্ৰহণ কৰি আছে এই সকল বানাক্ৰান্তই।
কপিলী আৰু কলং নৈৰ বানত কেইবাদিনধৰি আক্ৰান্ত এই লোকসকল।
সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে পশু খাদ্যৰ ক্ষেত্ৰত কিছু সমস্যা আছে বুলি জানিবলৈ দিয়ে।
অন্যহাতে মৰিগাঁৱত বানাক্ৰান্ত মাজত হোৱা খোৱা পানী সমস্যাৰ বিষয়েও উল্লেখ কৰে।
খোৱা পানীৰ সমস্যাৰ বিষয়ে মই গম পাইছোঁ, মই চাই লম।- মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এইদৰে।
এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনত পুৱা প্ৰচাৰ হৈছিল বাতিৰ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Chief Minister Dr° Himanta Biswa Sharma Morigaon Nelly