23/06/2022 21:33:54 PM Moutushi 32
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ নগৰবেৰাঃ পানী কমিলেও এতিয়া দুৰ্দশা কমা নাই বকো বাসীৰ। সমষ্টিটোৰ কেইবাটাও পকী পথৰ ওপৰেৰে এতিয়াও এবুকু পৰ্যন্ত পানী থকাত ব্যাহত হৈ আছে যাতায়াত। বকোৰ একাধিক পকী পথৰ ওপৰত গাড়ী নহয়, এতিয়াও চলিছে নাও। প্ৰলংকাৰী বানে বুৰালে বকো সমষ্টিৰ নগৰবেৰাৰ একাধিক পকী পথ। সমষ্টিটোৰ সোনতলী - টুপামাৰী সংযোগী পকী পথৰ ওপৰেৰে বৈছে পানীৰ প্ৰৱল সোত। ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক যাতায়াত।একপ্ৰকাৰ বহি:জগতৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।টুলুঙা নাও এতিয়া সাৰথি হৈ পৰিছে বানাক্ৰান্ত লোকৰ।প্ৰয়োজনীয় বজাৰ সমাৰ কৰিবলৈ অঞ্চলটোৰ বানপীড়িত একাংশ লোকে টুলুঙা নাওৰে যাতায়াত কৰিবলগীয়া হৈছে।আনহাতে আন একাংশ বন্যাৰ্ত্যই আকৌ পকী পথছোৱাৰে বৈ যোৱা পানীৰ প্ৰৱল সোতৰ মাজেৰে এবুকু পৰ্যন্ত পানী মাজেৰে অতি বিপদসংকুলভাৱে খোজকাঢ়ি অব্যাহত ৰাখিছে যাতায়ত।