23/06/2022 22:01:24 PM Moutushi 27
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ মঙলদৈঃ যোৱা কেবাদিনো ধৰি মুখলধাৰ বৰষুণৰ ফলত মঙলদৈ পৌৰ সভাৰ প্রায় আটাই কেইটা ৱাৰ্ডেই বানত ডুব যোৱাত নিজ নিজ গৃহতে জলবন্দী হৈ থকা বহুলোকক এছ ডি আৰ এফ বাহিনীৰ লগ লাগি এবুকু পানী পৰ্যন্ত নামি এগৰাকী যুৱকে বানাক্ৰান্তক উদ্ধাৰ আৰু সাহাৰ্য কৰা কাৰ্যই সামাজিক মাধ্যমৰ লগতে মঙলদৈত সৰ্বত্রে চৰ্চা লাভ কৰিছে |কোনো ধৰণৰ প্রশিক্ষণ নোলোৱাকৈ মঙলদৈৰ যুৱ ব্যৱসায়ী মিজান নুৰ ৰহমানে দৈনিক প্রতিটো ৱাৰ্ডতেই দিনে নিশাই কৰা এই উদ্ধাৰ আৰু সাহাৰ্য কাৰ্য এতিয়া সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। নিজৰ অসুখীয়া দেহা সত্বেও ৩৫ বছৰীয়া এই যুৱকজনৰ সেৱা কৰাৰ এনে সাহস আৰু মনোবল দেখি জলবন্দী হৈ থক উক্ত যুৱক জনকহে খবৰ কৰা পৰিলক্ষিত হৈছে |যুৱক গৰাকীয়ে বানপীড়িত অঞ্চল সমূহত গৈ উদ্ধাৰ কাৰ্যৰ লগতে খোৱাপানীকে ধৰি কেতবোৰ খাদ্য সামগ্রী দুৰ্গতসকলৰ মাজত বিতৰণ কৰি আছে | শেহতীয়াকৈ তেওঁ বানপানীৰ তাণ্ডৱ তিলমানো নকমা ৰঙামাটি,কটহগুৰি, বৰনগাঁও
সৰুথেকেৰাবাৰী ,,ছোটোনগাঁও আদি ঠাইৰ বানাক্ৰান্তক উদ্ধাৰ আৰু সাহাৰ্যৰ কামত SDRF সৈতে আত্মনিয়োগ কৰি আছে। আৰ্তজনক সেৱা কৰাৰ তেওঁৰ এনে অদম্য মনোবল আৰু স্পৃহা নিসন্দেহে প্ৰশংসনীয় বুলি সচেতন লোকসকলে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ দৰং জিলাৰ সমিতিৰ প্ৰাক্তন সভাপতি,বৰ্তমানে উক্ত দলৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক তথা দৰং জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ মিজান নুৰ ৰহমান মঙলদৈস্থ গ্ল'ৰিয়াচ পাব্লিক স্কুল নামৰ বিদ্যালয় এখনৰো স্বতাধিকাৰ তথা সঞ্চালক।সমাজ হিতৈষী আৰু সৰবৰহী স্বভাৱৰ যুৱ সমাজকৰ্মী ৰহমানে শৰীৰৰ মেদ বহুলতা জাতীয় সমস্যাৰ বাবে কেইবাবাৰো দিল্লী, হায়দৰাবাদ আদিত চিকিৎসা গ্ৰহণ কৰিছে যদিও দৰঙীয়া ৰাইজক বানপানীৰ সময়ত বিপদত পৰা দেখি তেওঁ ৰৈ থাকিব নোৱাৰি পৰিয়াল আৰু শুভাকাংক্ষীৰ হেজাৰ বাধাও নেওচি অসুখীয়া দেহাৰেই SDRF বাহিনীৰ সৈতে লগ লাগি আৰ্তজনক উদ্ধাৰ আৰু সাহাৰ্যৰ কামত জপিয়াই পৰে। একেৰাহে চাৰি-পাচ দিন দিনে- ৰাতিয়ে তেওঁ বন্যাৰ্তক সেৱা কৰি সৰগীয় শান্তি লাভ কৰাৰ কথা এই প্ৰতিবেদকৰ আগত অৱগত কৰে।এনে মানৱ সেৱাৰ জৰিয়তে কৰিলে আনকি শাৰীৰিক অসুস্থতাও উপশম হয় বুলি তেওঁ অনুভৱ কৰাৰ কথা জনায়।