23/06/2022 22:08:12 PM Moutushi 57
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
ৰঙিয়াঃ এই বেলি ৰঙিয়াৰ বানপানীয়ে সৰ্বকালৰ ৰেকৰ্ড ভঙ্গ কৰিছে। বিগত আশী বছৰেও ৰাইজে এই ধৰনৰ বানপানী প্ৰত্যক্ষ কৰা নাই বুলি অধিকাংশ লোকে মত প্ৰকাশ কৰে। এইবেলি বানত আৱদ্ধ হোৱা বানাক্ৰান্তক উদ্ধাৰৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ ৭ ইঞ্জিনিয়াৰ ৰেজিমেন্টে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ৰেজিমেন্টৰ জোৱান আৰু বিষয়া সকলে বানপানী বৃদ্ধি পোৱাৰ লগে লগে উদ্ধাৰ অভিযানত জপিয়াই পৰিছে। তেওঁলোকে কেবাটাও ভাগত বিভক্ত হৈ নাওৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে। জানিব পৰা মতে ৰেজিমেন্টৰ জোৱান সকলে ৰঙিয়া মহকুমাৰ উপৰিও চাংসাৰি তামুলপুৰ, বাগছা সহ নামনি অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ শিশু বৃদ্ধ - বৃদ্ধা সহ পাঁচ শতাধিক লোকক উদ্ধাৰ কৰি জীৱন দান কৰে। সেনা বাহিনীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত বহু লোকৰ জীৱন ৰক্ষা পৰে। গাওঁবাসীয়ে সেনা বাহিনীৰ এই কামৰ শলাগ লয়। উল্লেখ্য যি কোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ইঞ্জিনিয়াৰিং ৰেজিমেন্টৰ জোৱান আৰু বিষয়া সকলে আৰ্তজনৰ কাষত থিয় দিয়া পৰিলক্ষিত হৈছে।