কাৰ্বি আংলং সায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য


23/06/2022 23:13:18 PM   Moutushi         52







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
ডিফু
: পৰিষদীয় বিথুং ৰেংথামা সমষ্টিৰ পৰা তৃতীয় বাৰৰ বাবে এয়োদশ কাৰ্বি আংলং সাযক্ত শাসিত পৰিষদলৈ নিৰ্বাচিত হোৱা ড' তুলিৰাম ৰংহাঙে আজি বিনা প্ৰতিদন্দ্বিতাৰ এয়োদশ কাৰ্বি আংলং সাযক্ত শাসিত পৰিষদৰ পৰৱৰ্ত্তী মুখ্য কাৰ্যবাসী সদস্য হিচাপে নিৰ্বাচিত হৈছে। এই উপলক্ষে পৰিষদৰ চেচন হ'লত আয়োজিত মুখ্য কাৰ্যবাসী সদস্য নিৰ্বাচনত অধ্যক্ষ ৰাজু তিচ'ই তুলিৰাম ৰংহাঙে বিনা প্ৰতিদ্বন্দ্বিতাৰে পৰিষদৰ পৰৱৰ্ত্তী মুখ্য কাৰ্যবাসী সদস্য নিৰ্বাচনত বিজয়ী হোৱা বুলি ঘোষণা কৰে। ইয়াৰ লগে লগে তেওঁৰ সতীৰ্থ সদস্য সকলে তৃতীয় বাৰৰ বাবে মুখ্য কাৰ্যবাসী সদস্য আসনত অধিষ্ঠিত হবলৈ সক্ষম হোৱাৰ ৰংহাঙক উষ্ম আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :